📘 Assam Police Constable eBook – Only ₹75/- Buy Now

অসম আৰক্ষী চাফাই কৰ্মচাৰী সাক্ষাৎকাৰ: ২০০ টা সৰ্বাধিক সম্ভাব্য প্ৰশ্ন (Ultimate Guide)

By Drubajyoti Haloi

Published One: February 22, 2026

200 Important Interview Questions for Assam Police Safai Karmachari Recruitment

অসম আৰক্ষীৰ চতুৰ্থ শ্ৰেণীৰ চাকৰিৰ সাক্ষাৎকাৰত কেনেধৰণৰ প্ৰশ্ন সোধা হ’ব পাৰে, সেই লৈ আপুনি চিন্তিত নেকি? এই প্ৰবন্ধটোত আমি ২০০ টা এনে প্ৰশ্ন সংগ্ৰহ কৰিছোঁ যিবোৰে আপোনাৰ প্ৰস্তুতিক সম্পূৰ্ণ কৰিব।

Assam Police Safai Karmachari Interview Questions

অসম আৰক্ষীৰ চাফাই কৰ্মচাৰী সাক্ষাৎকাৰৰ ২০০টা সম্ভাৱ্য প্ৰশ্ন

বিভাগ ১: ব্যক্তিগত আৰু পাৰিবাৰিক তথ্য (১-৩০)

  • ১. আপোনাৰ নাম কি?
  • ২. আপোনাৰ দেউতাৰ নাম কি আৰু তেওঁ কি কৰে?
  • ৩. আপুনি ক’ৰ পৰা আহিছে?
  • ৪. আপোনাৰ জন্ম ক’ত হৈছিল?
  • ৫. আপোনাৰ শৈশৱ কেনেকুৱা আছিল?
  • ৬. আপোনাৰ শিক্ষাগত অৰ্হতা কিমান?
  • ৭. স্কুলত আপোনাৰ প্ৰিয় বিষয় কি আছিল?
  • ৮. আপুনি পঢ়া-শুনা কিয় এৰিলে (যদি আধাতে এৰিছে)?
  • ৯. আপোনাৰ ভাই-ভনী কেইজন?
  • ১০. আপোনাৰ ঘৰৰ অৰ্থনৈতিক অৱস্থা কেনেকুৱা?
  • ১১. আপোনাৰ কোনো বিশেষ চখ (Hobby) আছেনে?
  • ১২. আপোনাৰ চৰিত্ৰৰ আটাইতকৈ ভাল গুণটো কি?
  • ১৩. আপোনাৰ কোনো বেয়া অভ্যাস আছেনে?
  • ১৪. আপুনি খং উঠিলে কি কৰে?
  • ১৫. আপোনাৰ আদৰ্শ ব্যক্তি কোন?
  • ১৬. আপুনি নিজকে এজন অনুশাসিত ব্যক্তি বুলি ভাবেনে?
  • ১৭. আপোনাৰ ঘৰৰ পৰা ওচৰৰ আৰক্ষী থানাখনৰ দূৰত্ব কিমান?
  • ১৮. আপুনি কিমান ভাষা জানিব পাৰে?
  • ১৯. আপুনি খেলা-ধুলা কৰি ভাল পায়নে?
  • ২০. আপোনাৰ জিলাৰ বিশেষ কিবা এটা বস্তুৰ নাম কওক।
  • ২১. আপুনি জীৱনত কি হ’ব বিচাৰিছিল?
  • ২২. আপোনাৰ কোনো আগৰ কামৰ অভিজ্ঞতা আছেনে?
  • ২৩. আপুনি আগতে ক’ত কাম কৰিছিল?
  • ২৪. সেই কামটো কিয় এৰিলে?
  • ২৫. আপোনাৰ বিষয়ে এটা আমোদজনক কথা কওক।
  • ২৬. আপুনি ধুম্ৰপান বা মদ্যপান কৰে নেকি?
  • ২৭. আপুনি সমাজ সেৱা কৰি ভাল পায়নে?
  • ২৮. আপুনি দলগতভাৱে (Team work) কাম কৰিব পাৰিবনে?
  • ২৯. আপোনাৰ মতে এজন আদৰ্শ কৰ্মচাৰীৰ গুণ কি?
  • ৩০. আপুনি নিজৰ জিলাখনৰ নাম কিয় গৌৰৱেৰে লয়?

বিভাগ ২: কামৰ ধৰণ আৰু আগ্ৰহ (৩১-৬০)

  • ৩১. আপুনি চাফাই কৰ্মচাৰীৰ কামটোৱেই কিয় বাছি ল’লে?
  • ৩২. চাফাই কাম কৰিবলৈ আপোনাৰ লাজ লাগে নেকি?
  • ৩৩. আপোনাৰ পৰিয়ালে এই কামটো কৰাটো বিচাৰেনে?
  • ৩৪. চাফাই কৰ্মচাৰীৰ দায়িত্ব কি বুলি আপুনি ভাবে?
  • ৩৫. আপুনি কিমান সময় একেৰাহে কাম কৰিব পাৰে?
  • ৩৬. চাফাই কৰ্মচাৰী এজনৰ বাবে স্বাস্থ্য কিয় জৰুৰী?
  • ৩৭. আপুনি এই চাকৰিটোৰ বিজ্ঞাপন ক’ত দেখিলে?
  • ৩৮. আপুনি এই চাকৰিটো নাপালে কি কৰিব?
  • ৩৯. আপুনি কিমান দৰমহা আশা কৰে?
  • ৪০. চৰকাৰী চাকৰিৰ প্ৰতি আপোনাৰ কিয় ইমান আকৰ্ষণ?
  • ৪১. আপুনি কিয় ভাবে যে আপুনি এই পদটোৰ বাবে উপযুক্ত?
  • ৪২. চাফাই কামত নতুন প্ৰযুক্তিৰ ব্যৱহাৰ কৰিব জানেনে?
  • ৪৩. আপুনি কিমান সোনকালে কাম শিকিব পাৰে?
  • ৪৪. কামৰ সময়ত যদি কোনো দুৰ্ঘটনা ঘটে, আপুনি কি কৰিব?
  • ৪৫. গৰম বা বৰষুণৰ মাজত আপুনি কাম কৰিব পাৰিবনে?
  • ৪৬. আপুনি ৰাতিৰ ডিউটি কৰিবলৈ সাজুনে?
  • ৪৭. আপোনাক যদি অকলশৰে কাম কৰিবলৈ দিয়া হয়, আপুনি পাৰিবনে?
  • ৪৮. চাফাই কামৰ আটাইতকৈ কঠিন অংশটো কি?
  • ৪৯. আপুনি আগতে কেতিয়াবা চাফাই কাম কৰিছেনে?
  • ৫০. আপোনাৰ মতে চাফাই কৰ্মচাৰী এজনৰ পোছাক কেনেকুৱা হ’ব লাগে?
  • ৫১. আপুনি কিমান দিন এই চাকৰিটোত থাকিব বিচাৰে?
  • ৫২. যদি আপোনাক বেলেগ কাম দিয়া হয়, আপুনি কৰিবনে?
  • ৫৩. আপুনি কামৰ মাজে মাজে জিৰণি লোৱাটো বিচাৰেনে?
  • ৫৪. কামৰ সময়ত মোবাইল ফোন ব্যৱহাৰ কৰিবনে?
  • ৫৫. আপুনি এজন পৰিষ্কাৰ-পৰিচ্ছন্ন ব্যক্তি নে?
  • ৫৬. আপুনি নিজৰ ঘৰ কেনেকৈ চাফা কৰি ৰাখে?
  • ৫৭. এই কামটোৰ বাবে ধৈৰ্য্যৰ কিয় প্ৰয়োজন?
  • ৫৮. আপুনি ৰাজহুৱা স্থান চাফা কৰিবলৈ বেয়া পায় নেকি?
  • ৫৯. আপোনাৰ বাবে কাম আগনে জিৰণি আগ?
  • ৬০. আপুনি উৰ্ধতম বিষয়াৰ নিৰ্দেশ সদায় মানিবনে?

বিভাগ ৩: কাৰিকৰী জ্ঞান আৰু সঁজুলি (৬১-১০০)

  • ৬১. এখন আৰক্ষী থানা চাফা কৰিবলৈ কি কি সঁজুলি লাগে?
  • ৬২. প্লাষ্টিকৰ ঝাড়ু আৰু নাৰিকলৰ ঝাড়ুৰ পাৰ্থক্য কি?
  • ৬৩. মজিয়া মচিবলৈ আপুনি কি দ্ৰব্য ব্যৱহাৰ কৰিব?
  • ৬৪. ফিনাইলৰ কাম কি?
  • ৬৫. এচিড কেতিয়া ব্যৱহাৰ কৰিব লাগে?
  • ৬৬. ব্লিচিং পাউদাৰ কিয় ব্যৱহাৰ কৰা হয়?
  • ৬৭. হাৰ্পিক (Harpic) ৰ ৰঙা আৰু নীলা বটলৰ পাৰ্থক্য কি?
  • ৬৮. আইনা চাফা কৰিবলৈ কি ব্যৱহাৰ কৰা হয়?
  • ৬৯. চাবোন আৰু ডিটাৰ্জেণ্টৰ পাৰ্থক্য কি?
  • ৭০. ড্ৰেইন (Drain) পৰিষ্কাৰ কৰিবলৈ কি সঁজুলি লাগে?
  • ৭১. জাবৰ পেলোৱা বাল্টি (Dustbin) কেই প্ৰকাৰৰ?
  • ৭২. সেউজীয়া ডাস্টবিনত কি জাবৰ পেলোৱা হয়?
  • ৭৩. নীলা ডাস্টবিনত কি জাবৰ পেলোৱা হয়?
  • ৭৪. ৰঙা ডাস্টবিনৰ ব্যৱহাৰ কি?
  • ৭৫. চিকিৎসালয়ৰ আৱৰ্জনা কেনেকৈ চাফা কৰিব লাগে?
  • ৭৬. মকৰাজাল গুচাবলৈ কি ব্যৱহাৰ কৰিব?
  • ৭৭. চিমেণ্টৰ মজিয়া আৰু মাৰ্বলৰ মজিয়া চাফা কৰাৰ পাৰ্থক্য কি?
  • ৭৮. হাত মোজা (Gloves) কিয় পিন্ধিব লাগে?
  • ৭৯. গামবুট (Gumboot) কিয় ব্যৱহাৰ কৰা হয়?
  • ৮০. চাফাই কামৰ পিছত সঁজুলিবোৰ কেনেকৈ ৰাখিব লাগে?
  • ৮১. মাস্ক পিন্ধাৰ গুৰুত্ব কি?
  • ৮২. ফেনাইলৰ গোন্ধ আপোনাৰ সহ্য হয়নে?
  • ৮৩. যদি কামৰ সঁজুলি নষ্ট হয়, আপুনি কি কৰিব?
  • ৮৪. পানী কমকৈ ব্যৱহাৰ কৰি কেনেকৈ চাফা কৰিব পাৰি?
  • ৮৫. শুকান জাবৰ আৰু তিতা জাবৰ কিয় পৃথক কৰিব লাগে?
  • ৮৬. প্লাষ্টিক আৱৰ্জনা কেনেকৈ নষ্ট কৰিব লাগে?
  • ৮৭. চাফাই কৰোঁতে ফিনাইল চকুৰ ভিতৰত সোমালে কি কৰিব?
  • ৮৮. চাবোন পানীৰে মজিয়া মচিলে পিছল হোৱাৰ ভয় থাকে নেকি?
  • ৮৯. বেৰত লাগি থকা দাগ কেনেকৈ আঁতৰাব?
  • ৯০. চাফাই কামৰ বাবে ব্যৱহাৰ কৰা কেইবিধমান ৰাসায়নিক দ্ৰব্যৰ নাম কওক।
  • ৯১. শৌচালয়ৰ পক পৰিষ্কাৰ কৰিবলৈ কি ব্যৱহাৰ কৰিব?
  • ৯২. ড্রেইনৰ পৰা দুৰ্গন্ধ ওলালে কি কৰিব?
  • ৯৩. মকৰাজাল কেনেকৈ কম সময়ত চাফা কৰিব পাৰি?
  • ৯৪. ঘাস কাটিবলৈ কি সঁজুলি ব্যৱহাৰ কৰিব?
  • ৯৫. চাফাই কামৰ বাবে কেনেধৰণৰ পানী ভাল?
  • ৯৬. ফিনাইল আৰু এচিড একেলগে মিহলাব পাৰিনে?
  • ৯৭. নলা পৰিষ্কাৰ কৰোঁতে কি কি সাৱধানতা ল’ব লাগে?
  • ৯৮. ওখ দেৱাল চাফা কৰিবলৈ কি ব্যৱহাৰ কৰিব?
  • ৯৯. এখন কোঠা চাফা কৰিবলৈ সৰ্বমুঠ কিমান সময় লাগিব পাৰে?
  • ১০০. জাবৰৰ পৰা কেনেকৈ সাৰ প্ৰস্তুত কৰিব পাৰি?

বিভাগ ৪: আৰক্ষী বিভাগ আৰু অনুশাসন (১০১-১৩০)

  • ১০১. অসম আৰক্ষীৰ মূল মন্ত্ৰটো কি?
  • ১০২. আপোনাৰ জিলাৰ নাম কি?
  • ১০৩. আপোনাৰ জিলাৰ SP জনৰ নাম কি?
  • ১০৪. এজন আৰক্ষী বিষয়াক দেখিলে আপুনি কি কৰিব?
  • ১০৫. আৰক্ষী থানাত চাফাই কৰ্মচাৰীৰ প্ৰয়োজন কিয়?
  • ১০৬. অসমৰ বৰ্তমানৰ DGP জনৰ নাম কি?
  • ১০৭. পুলিচৰ পোছাকৰ ৰং কি?
  • ১০৮. অনুশাসন বুলিলে আপুনি কি বুজে?
  • ১০৯. কামলৈ পলমকৈ আহিলে আপুনি কি কৰিব?
  • ১১০. আপোনাৰ লগৰ কোনোবাই যদি কামত গাফিলতি কৰে, আপুনি কি কৰিব?
  • ১১১. আৰক্ষী বিভাগত ডিউটিৰ সময় কিমান বুলি আপুনি ভাবে?
  • ১১২. কোনো জৰুৰী কালত আপুনি ২৪ ঘণ্টা কাম কৰিব পাৰিবনে?
  • ১১৩. পুলিচৰ লগত আপোনাৰ সম্পৰ্ক কেনেকুৱা হ’ব লাগে?
  • ১১৪. আৰক্ষী থানাৰ ভিতৰত কিবা বস্তু পালে আপুনি কি কৰিব?
  • ১১৫. থানাত যদি কোনো অপৰাধীক দেখে, আপোনাৰ ভয় লাগিবনে?
  • ১১৬. গোপনীয়তা ৰক্ষা কৰাটো কিয় জৰুৰী?
  • ১১৭. আপুনি এজন সত্যবাদী মানুহনে?
  • ১১৮. থানাৰ ভিতৰত কাজিয়া হ’লে আপুনি কি কৰিব?
  • ১১৯. আপুনি কিবা ভুল কৰিলে স্বীকাৰ কৰিবনে?
  • ১২০. চৰকাৰী সম্পত্তিৰ যত্ন আপুনি কেনেকৈ ল’ব?
  • ১২১. আপুনি কিমান নিষ্ঠাৰে কাম কৰিব?
  • ১২২. অসম আৰক্ষীৰ কামৰ বিষয়ে আপোনাৰ ধাৰণা কি?
  • ১২৩. আপুনি যদি এই চাকৰি পায়, গাঁৱৰ মানুহক কি ক’ব?
  • ১২৪. আপুনি কেতিয়াবা আৰক্ষী থানালৈ গৈছেনে?
  • ১২৫. থানাত চাফাই কৰোঁতে কোনো গুৰুত্বপূৰ্ণ ফাইল পালে কি কৰিব?
  • ১২৬. পুলিচৰ নিৰ্দেশ পালন নকৰিলে কি হ’ব?
  • ১২৭. আপুনি এজন পৰিশ্ৰমী ব্যক্তি বুলি কেনেকৈ প্ৰমাণ দিব?
  • ১২৮. আপোনাৰ বাবে কামটো সৰু নে ডাঙৰ?
  • ১২৯. আপুনি কোনো ৰাজনৈতিক দলৰ লগত জড়িত নেকি?
  • ১৩০. আৰক্ষী বিভাগত চাকৰি পোৱাৰ পিছত আপুনি ঘৰলৈ কিমান সময় দিব পাৰিব?

বিভাগ ৫: স্বাস্থ্য আৰু সুৰক্ষা (১৩১-১৫৫)

  • ১৩১. চাফাই কামৰ পিছত হাত ধোৱাটো কিয় জৰুৰী?
  • ১৩২. হাত ধোৱাৰ সঠিক পদ্ধতিটো কি?
  • ১৩৩. আৱৰ্জনাৰ পৰা কি কি বেমাৰ হ’ব পাৰে?
  • ১৩৪. কামৰ সময়ত যদি আপোনাৰ কটা-ছিঙা হয়, কি কৰিব?
  • ১৩৫. বমি বা মল-মূত্ৰ চাফা কৰিবলৈ আপোনাৰ ঘৃণা লাগিবনে?
  • ১৩৬. সংক্ৰামক ৰোগৰ পৰা কেনেকৈ বাচিব পাৰি?
  • ১৩৭. ক’ভিড-১৯ৰ সময়ত চাফাই কৰ্মচাৰীৰ ভূমিকা কি আছিল?
  • ১৩৮. কামৰ সময়ত কেনেধৰণৰ জোতা পিন্ধিব লাগে?
  • ১৩৯. আপুনি সদায় গা ধোৱেনে?
  • ১৪০. নখ কটাটো কিয় জৰুৰী?
  • ১৪১. যদি আপোনাৰ চাফাই কামৰ পৰা এলাৰ্জী হয়, কি কৰিব?
  • ১৪২. ঔষধ বা বেজীৰ চিৰিঞ্জ পালে কেনেকৈ চাফা কৰিব?
  • ১৪৩. চাফাই কৰোঁতে ধূলিৰ পৰা কেনেকৈ বাচিব?
  • ১৪৪. প্ৰাথমিক চিকিৎসা (First Aid) ৰ বিষয়ে কিবা জানেনে?
  • ১৪৫. যদি থানাৰ ভিতৰত কোনোবাই ধঁপাত সেৱন কৰে, আপুনি কি ক’ব?
  • ১৪৬. ব্যক্তিগত স্বচ্ছতা মানে কি?
  • ১৪৭. পানী উতলাই খোৱাৰ লাভ কি?
  • ১৪৮. মহ-মাখিৰ পৰা বাচিবলৈ কি কৰিব লাগে?
  • ১৪৯. ব্লিচিং পাউদাৰৰ ধোঁৱাই উশাহত কষ্ট দিলে কি কৰিব?
  • ১৫০. চাফাই কৰোঁতে হাতত জোঙা বস্তু ফুটিলে কি কৰিব?
  • ১৫১. আপুনি নিয়মীয়াকৈ ব্যায়াম কৰেনে?
  • ১৫২. ৰাস্তা চাফা কৰোঁতে যান-বাহনৰ পৰা কেনেকৈ বাচিব?
  • ১৫৩. অন্ধকাৰ ঠাই চাফা কৰোঁতে কি কি সাৱধানতা ল’ব?
  • ১৫৪. যদি কোনো বিষাক্ত পোক বা সাপে কামোৰে, আপুনি কি কৰিব?
  • ১৫৫. স্বাস্থ্যসন্মত জীৱন যাপনৰ বাবে আপুনি কি কৰে?

বিভাগ ৬: পৰিস্থিতিগত আৰু আচৰণমূলক (১৫৬-১৮০)

  • ১৫৬. যদি থানাৰ কোঠাত বহুত পানী জমা হয়, আপুনি কি কৰিব?
  • ১৫৭. উৎসৱৰ সময়ত ছুটি নাপালে আপুনি অসন্তুষ্ট হ’বনে?
  • ১৫৮. আপোনাৰ ওপৰৱালাই যদি আপোনাক সকলোৰে আগত গালি পাৰে?
  • ১৫৯. যদি কোনোবাই আপোনাক কামৰ বিনিময়ত ঘোচ যাচে?
  • ১৬০. আপোনাৰ বাবে টকা আগনে কাম আগ?
  • ১৬১. যদি আপুনি দেখে যে কোনোবাই দেৱালত পিক পেলাইছে?
  • ১৬২. কামৰ হেঁচা বেছি হ’লে আপুনি কেনেকৈ চম্ভালিব?
  • ১৬৩. আপুনি যদি চাকৰিটো পায়, প্ৰথম দিনা কি কৰিব?
  • ১৬৪. আপোনাৰ উৰ্ধতম বিষয়াজন সৰু হ’লে আপুনি তেওঁক সন্মান কৰিবনে?
  • ১৬৫. কোনোবাই যদি আপোনাক ‘জমাদাৰ’ বুলি মাতে, আপোনাৰ বেয়া লাগিবনে?
  • ১৬৬. আপুনি নিজৰ কামৰ প্ৰতি কিমান গৰ্বিত?
  • ১৬৭. যদি কোনোবাই চাফাই কামটো অপমানজনক বুলি কয়, আপুনি কি উত্তৰ দিব?
  • ১৬৮. কামৰ সময়ত যদি আপোনাৰ গা বেয়া লাগে?
  • ১৬৯. আপুনি কেনেধৰণৰ মানুহৰ লগত কাম কৰি ভাল পায়?
  • ১৭০. আপুনি নিজৰ কামৰ পৰিকল্পনা কেনেকৈ কৰিব?
  • ১৭১. যদি আপোনাক একেদিনাই বহুতো কাম দিয়া হয়?
  • ১৭২. আপুনি নিজৰ উৰ্ধতম বিষয়াক কিমান ভয় কৰে?
  • ১৭৩. আপুনি হঠাতে ছুটি ল’ব লাগিলে কাক জনাব?
  • ১৭৪. কামৰ সময়ত যদি আপুনি কিবা এটা মূল্যবান বস্তু হেৰাই যোৱা দেখে?
  • ১৭৫. আপুনি এজন শান্ত নে খঙাল মানুহ?
  • ১৭৬. আপুনি কেনেকৈ নিজকে সদায় উৎসাহিত কৰি ৰাখে?
  • ১৭৭. আপোনাৰ জীৱনৰ আটাইতকৈ আনন্দৰ দিনটো কি আছিল?
  • ১৭৮. আপুনি নিজৰ ভুলৰ পৰা কিবা শিকেনে?
  • ১৭৯. আপুনি এই কামটোৰ বাবে কিমান আত্মবিশ্বাসী?
  • ১৮০. সাক্ষাৎকাৰ লোৱা সকলৰ বিষয়ে আপোনাৰ ধাৰণা কি?

বিভাগ ৭: সাধাৰণ জ্ঞান আৰু সামাজিক সজাগতা (১৮১-২০০)

  • ১৮১. বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীৰ নাম কি?
  • ১৮২. ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নাম কি?
  • ১৮৩. ‘স্বচ্ছ ভাৰত অভিযান’ কোনে আৰম্ভ কৰিছিল?
  • ১৮৪. মহাত্মা গান্ধীৰ জন্মদিন কেতিয়া?
  • ১৮৫. বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয়?
  • ১৮৬. প্লাষ্টিক বৰ্জন কিয় কৰিব লাগে?
  • ১৮৭. গছ ৰোপণ কৰাৰ লাভ কি?
  • ১৮৮. অসমৰ ৰাজ্যিক ফুলবিধৰ নাম কি?
  • ১৮৯. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ক’ত অৱস্থিত?
  • ১৯০. অসমৰ আটাইতকৈ ডাঙৰ নদীখনৰ নাম কি?
  • ১৯১. পানী অপচয় ৰোধ কৰিবলৈ আপুনি কি কৰিব?
  • ১৯২. ক’ত জাবৰ পেলোৱাটো উচিত নহয়?
  • ১৯৩. ধঁপাত সেৱনৰ অপকাৰিতা কি?
  • ১৯৪. নিবনুৱা সমস্যা দূৰ কৰিবলৈ কি কৰিব লাগে?
  • ১৯৫. চৰকাৰী আঁচনিৰ বিষয়ে আপুনি কিবা জানেনে?
  • ১৯৬. ভোটাধিকাৰ সাব্যস্ত কৰাটো কিয় জৰুৰী?
  • ১৯৭. ভাৰতৰ সংবিধানৰ পিতৃ কোন?
  • ১৯৮. বিহু কেইপ্ৰকাৰৰ আৰু কি কি?
  • ১৯৯. আপোনাৰ জীৱনৰ লক্ষ্য কি?
  • ২০০. আমাৰ সাক্ষাৎকাৰ কেনেকুৱা লাগিল?
Assam Police Recruitment 2026
Active

Assam Police Recruitment 2026

📅 Last Date: 28th February 2026

Online applications are currently being accepted. Don’t wait for the last minute!

Apply Online Now

Leave a Comment